44
তেজপুৰঃ সুৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা। দুৰ্গা পূজাৰ সময়ত সুৰাৰ প্ৰচলন সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত সাংসদ শৰ্মাই কয় যে সুৰাৰ দ্বাৰা যোৱা তিনি দিনত বহু লোকচান হ’ল। লগতে প্ৰাণ হানি হ’ল বহু কেইবাজনৰো৷
ৰাজ্য চৰকাৰে অসম গৌৰৱ এশিঙিয়া গঁড়ক বদনামী কৰি গঁড়ৰ নামত সুৰা উলিওৱাটো লজ্জাজনক হোৱাৰ লগতে ইয়ে অসম চৰকাৰকো বদনামী কৰিছে বুলি মত প্ৰকাশ কৰে সাংসদ শৰ্মাই৷