তেজপুৰঃ গোহালি বা গৰু খুটিত জন্মা শিশু মেধা সম্পন্ন হয়৷ সদ্যহতে বাতৰিৰ শিৰোনাম দখল কৰি থকা তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই এইবাৰ পুনৰ এক মন্তব্য প্ৰকাশ কৰি বাতৰিৰ শিৰোনামত অধিষ্ঠিত হ’বলৈ সক্ষম হ’ল৷
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষ্যে তেজপুৰত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰে সাংসদ গৰাকীয়ে৷ সাংসদ ৰাম প্ৰসাদ শৰ্মাই কয়, ‘‘গোহালি বা গো-খুঁটিত জন্মগ্ৰহণ কৰা শিশুৰ মস্তিস্ক সদায় শক্তিশালী হয়৷ কিয়নো গোমূত্ৰ আৰু গোৱৰৰ দ্ৰানে মস্তিস্কৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷’’