Image Source: india.com
Image Source: india.com

ডিজিটেল ডেস্কঃ পুৱাই পুৱাই ঘৰৰ পৰা ওলাই ৰেলৰ দাঁতি অথবা নৈৰ পাৰলৈ গমন কৰিছে। মাজপথ পোৱাৰ লগে লগে পিছফালৰ পৰা কোনোৱে লুঙীখনত এক টান মাৰিছে। তাৰ পিছত এখন হাতেৰে পানীৰ পাত্ৰ লৈ আৰু আনখন হাতেৰে কোনোমতে লাজ নিবাৰণত ব্যস্ত হৈ পৰিছে।

ইফালে প্ৰাকৃতিক আহ্বানে দেহ জৰ্জৰিত কৰি তুলিছে। তেনে এক সময়তে শপত খাই ক’বলগীয়া হৈছে যে আজিৰ পৰা আৰু দুনাই তেনে কাম নকৰে। তাৰ লগতে ঘৰলৈ আহি দিবলগীয়া হৈছে ১০০ টকা জৰিমনা। আস মুকলিত প্ৰাতকৰ্ম কৰাৰ কি যে যন্ত্ৰণা!

সম্প্ৰতি এনে দৃশ্য দৈনিক দেখা গৈছে ঝাৰখণ্ডৰ ৰাঁচীত। মুখৰ কথাত কোনো কাম নিদিয়াত এতিয়া এনেকৈ হাতে-কামে লাগিছে ৰাঁচী পৌৰসভা। পৌৰসভাই এই বিশেষ অভিযানৰ নাম দিছে, 'হাল্লা বোল, লুঙী খোল’ অভিযান।

দেওবাৰে চহৰখনৰ বিভিন্ন স্থানত পুৱাই আৰক্ষীক লগত লৈ এই অভিযানত নামে পৌৰসভাৰ কৰ্মী। অভিযান কালত লুঙী খুলি ২০ জনকৈ লোকক হাতে-লোটে ধৰা পেলোৱাৰ লগতে তিনি শপত খাবলৈ দি আদায় লয় ১০০ টকাকৈ জৰিমনা।

এই সন্দৰ্ভত ৰাঁচী পৌৰসভাৰ এগৰাকী বিষয়াই কয়, 'মুকলি ঠাইত শৌচ কৰাটো কিমান লজ্জাজনক সেয়া যাতে উপলব্ধি কৰিব পাৰে তাৰ বাবেই এই অভিযান চলোৱা হৈছে। অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ চহৰখনতে মুকলিত শৌচ কৰা কাৰবাৰটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য লোৱা হৈছে। যিসকল লোক এই অভিযানত ধৰা পৰিছে সকলোৰে ঘৰত শৌচালয় আছে। কিন্তু এনেকৈ মুকলিলৈ ঘটি লৈ অহাতো তেওঁলোকৰ কু-অভ্যাসত পৰিণত হৈছে। কিন্তু এতিয়া কথাটো উপলব্ধি কৰি আৰু তেনে নকৰে বুলি শপত খাইছে।’