ডিজেটেল ডেস্কঃ ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে এদিনৰ বাবে স্থগিত কৰে৷ ১৬ দোষীৰ শাস্তিৰ ৰায় শুকুৰবাৰে দিব আদালতে৷ বুধবাৰে ৩ জানুৱাৰীত এই ৰায় ঘোষণা কৰা কথা আছিল যদিও এগৰাকী অধিবক্তাৰ মৃত্যুৰ বাবে আদালতত অধিবক্তা উপস্থিত থাকিব নোৱাৰাৰ বাবে ৰায় স্থগিত ৰাখে৷
পুণৰ বৃহস্পতিবাৰে এই ৰায় ঘোষণা কৰাৰ কথা আছিল পুণৰ শুকুৰবাৰলৈ স্থগিত ৰাখে আদালতে৷ যোৱা ২৩ ডিচেম্বৰত ৰাঁচীৰ এখন আদালতে পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰি ৩ জানুৱাৰীত শাস্তি ঘোষণা কৰাৰ কথা আছিল যদিও পুণৰ এদিনৰ বাবে শাস্তিৰ ৰায় স্থগিত ৰাখে৷ ৫ জানুৱাৰীত ঘোষণা কৰা হ’ব বিহাৰৰ পশু খাদ্য কেলেংকাৰীৰ ৰায় ৷ আদালতে ঘোষণা কৰিব শাস্তিৰ পৰিমাণ৷ ঝাৰখণ্ডৰ ৰাঁচীৰ আদালতে প্ৰদান কৰিব ৰায়৷