Home ৰাজ্যৰংবং তেৰাঙ সমন্বয় বঁটা কথাশিল্পী হোমেন বৰগোহাঞিলৈ

ৰংবং তেৰাঙ সমন্বয় বঁটা কথাশিল্পী হোমেন বৰগোহাঞিলৈ

by News Desk
71 views
A+A-
Reset

ডিফুঃ বকলিয়া ঘাটৰ “চিংথুৰ” প্ৰকাশনৰ উদ্যোগত ২০১৯ বৰ্ষৰ বাবে ৰংবং তেৰাঙ সমন্বয় বঁটা বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কাৰবি আংলং জিলাৰ ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে চিংথুৰ প্ৰকাশনৰ হৈ বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশী, ডকমকাৰ থং নক্ বে মহাবিদ্যালয়ৰ অধ্যাপক ভবেন কোঁচ আৰু জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই৷ 

উল্লেখযোগ্য যে, চিংথুৰ প্ৰকাশনে ২০১৭ বৰ্ষৰপৰা কাৰবি আংলঙৰ গৌৰৱ, জীৱন্ত কিংবদন্তি, ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি আহিছে৷ ২০১৭ বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল লোক সংস্কৃতিৰ গৱেষক পণ্ডিত ড: বীৰেন্দ্ৰ নাথ দত্ত, ২০১৮ বৰ্ষত অৰুণাচলৰ বিশিষ্ট সাহিত্যক য়েছে দৰজি ঠংচিক আৰু ২০১৯ বৰ্ষৰ তৃতীয়বাৰৰ বাবে এই বঁটা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, গল্পকাৰ ঔপন্যাসিক, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিলৈ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0