46
ৰঙিয়ঃ ৰঙিয়াৰ জীৱন বীমা নিগমৰ কাৰ্যালয়ত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ । জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ তিনিটাকৈ তলা ভাঙি সাতজন দুৰ্বৃত্তই লণ্ড ভণ্ড কৰিলে গুৰুত্বপুৰ্ণ নথি-পত্ৰ । কাৰ্যালয়টোৰ দুমহালত থকা লকাৰৰ তলা খোলাৰ চেষ্টা চলাই বিফল হয় চোৰৰ দলটো।
ৰঙিয়া জীৱন বীমা নিগমৰ প্ৰৱন্ধক আব্ৰাৰ আচিফে জানিবলৈ দিয়ামতে চোৰৰ দলটোয়ে একো বস্তু নিব নোৱাৰিলে যদিও দুটা চি চি টিভি কেমেৰা নষ্ট কৰে।