ৰঙিয়াঃ মুকলি আকাশৰ তললৈ আহিল ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতা৷ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত বন্দী হ’ব লগা হোৱা ৫ গৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হয় প্ৰশাসনে৷ যোৱা ৪ জানুৱাৰীত সেনাই বন্ধ কৰি দিয়া ৰঙিয়া চেপ্তিৰ সেনাৰ ৰেডহৰ্ন স্কুল বন্ধ কৰি দিয়াত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
প্ৰায় দুদিন পিছত তথা ১১ জানুৱাৰীত আৰক্ষীয়ে থানালৈ মাতি নি সেনাৰ স্কুল খনৰ ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজোতত নিক্ষেপ কৰে৷ তাৰ পিছৰে পৰা শুকুৰবাৰে পুৱাৰে পৰা ৰঙিয়াৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷