ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত উত্তৰ-পূৱ অঞ্চলৰপৰা এতিয়াও ক’লা ডাৱৰ আঁতৰ হোৱা নাই। সোমবাৰে ৰঙিয়া গড়কাপ্তানী বাংলাত সন্ধিয়াৰ ভাগত উপস্থিত হৈ আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্ৰচাৰ্য্যই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।
কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমনত মৃত্যুক সাৱতি লোৱা তামুলপুৰৰ মনেশ্বৰ বসুমতাৰীৰ ঘৰত খবৰলৈ উভতি অহাৰ পথত ৰঙিয়াত ছাত্ৰ নেতা গৰাকীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত দিয়া বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া কৰি কয় যে বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধায়কৰ সন্ধৰ্ভত লোৱা স্তিতি কোনো কাৰণতে বাস্তৱত ৰূপায়িত হ’ব নিদিও।