ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত শনিবাৰে স্থানীয় ব্যৱসায়ীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া চেম্বাৰ্ছ অৱ কমাৰ্চৰ নেতৃত্বত ডকাইতি কাণ্ড ৰোধ কৰা, সাধাৰণ ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ এদিন পূৰ্বে ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক মজিবুৰ ৰহমানক দুৰ্বত্তই লুটি নিয়াত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ জীৱন সম্পত্তিৰ সুৰক্ষাৰ দাবীত ব্যৱসায়ীসকলে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
ব্যৱসায়ীৰ অভিযোগ মতে ৰঙিয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে৷ এক কথাত কবলৈ গলে ৰঙিয়া হৈ পৰিছে দুৰ্বৃত্তৰ ৰম্যভূমি৷ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই যেতিয়া ইচ্ছা তেতিয়াই যিকোনো লোকক লুটি নিব পাৰে দুৰ্বৃত্তই৷ এইবাৰ জালত পৰিল প্ৰক্তন আছু নেতা৷ কামৰূপ জিলা আছুৰ অধীনৰ পুঠিমাৰি আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানক বৃহস্পতিবাৰে নিশা লুটি নিয়ে৷