newsnextone.com | ৰঙিয়াঃ ৰঙিয়াত তীব্ৰবেগী এখন বাহন ৰাজপথৰ পৰা নৈত বাগৰি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে তিনি বছৰীয়া শিশু সহ কেইবাগৰাকী লোক আহত হয়৷ জানিব পৰা মতে, কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ ঘোগাজান নৈত এখন চুইফট ডিজায়াৰ গাড়ী শনিবাৰে বাগৰি পৰি মহিলাগৰাকীৰ মৃত্যু হয়৷
তীব্ৰবেগী AS-01-DF-6801 নম্বৰৰ চুইফট ডিজায়াৰ খন ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ কামাখ্যাৰ পৰা পাঠশালালৈ আহি আছিল৷ ৰঙিয়া পোৱাৰ পিছতে পথৰ মাজেৰে পাৰ হ’ব খোজা এটা গৰুক ৰক্ষা কৰিব খোজেতেই তীব্ৰবেগী গাড়ীখন নৈত বাগৰি পৰে৷