ৰঙিয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াটো বৃহস্পতিবাৰে শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্যৰ দাবীত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। আজি দিনৰ ১১ বজাত ৰঙিয়া জিলা নিৰ্মাণ শ্ৰমিক সন্থাই চি আই টি ইউৰ সহযোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক নিৰ্মাণ শ্ৰমিকৰ লগতে চি আই টি ইউৰ কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে। 

প্ৰতিবাদকাৰীসকলে ৰঙিয়া শ্ৰম ভৱনৰপৰা শোভা যাত্ৰা কৰি ৰঙিয়া শ্ৰম বিভাগৰ কাৰ্যালয়ত উপস্থিত হয়। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ লগতে বিশেষকৈ নিৰ্মাণ শ্ৰমিকৰ চিকিৎসা সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰা, নিৰ্মাণ শ্ৰমিক সকলক ভাট্ৰা প্ৰদান কৰক, শ্ৰমিকৰ সপক্ষে থক শ্ৰম আইন বাতিল কৰা নচলিব আদি ধ্বনিৰে প্ৰতিবাদস্থলী কঁপাই তোলে। আনহাতে, নিৰ্মাণ শ্ৰমিকৰ দাবী সমুহ অতিশীঘ্ৰে পুৰণ কৰাৰ বাবে ৰঙিয়া শ্ৰম বিভাগৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।