Home ৰাজ্যৰঙিয়াৰ বঙালীকুছিত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ অচিনাকী মহিলা

ৰঙিয়াৰ বঙালীকুছিত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ অচিনাকী মহিলা

by News Desk
A+A-
Reset
rangia mohila1

newsnextone ৰঙিয়া, ১০ অক্টোৱৰঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত আজি দিনৰ ভাগত মূমূৰ্ষ অৱস্থাত এগৰাকী প্ৰায় ৩০ বছৰীয়া মহিলাক উদ্ধাৰ কৰা হয়। মহিলা গৰাকীক উদ্ধাৰ কৰাৰ পিচত ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও মহিলা গৰাকীয়ে মাজ-পথতে মৃত্যুক সাৱতি লয় । 
ঘটনাৰ বিষয়ে জানিৱ পৰামতে আজি দিনৰ ৯ মান বজাত বঙালীকুছিত ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দাতিত এগৰাকী মহিলা দীৰ্ঘ সময়ধৰি পৰি আছিল। মূমূৰ্ষ অৱস্থাত পৰি থকা মহিলা গৰাকীয়ে গাড়ীৰে যোৱা যাত্ৰী সকলক হাতবাউলি মাতি আছিল যদিও কোনো পথ যাত্ৰীয়ে গুৰুত্ব নিদি নিজৰ গন্তব্য স্থানলৈ গৈ আছিল । উক্ত সময়তে ৰঙিয়া মুৰৰাৰ মঞ্জু বেগম নামৰ মহিলা গৰাকীয়ে স্বামী আইনুৰ  আলীৰ লগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিজৰ চিকিৎসাৰ বাবে গৈ থকা অৱস্থাত মহিলা গৰাকীয়ে হাতবাউলী মাতি থকা দেখা পায় । লগে লগে মঞ্জু নামৰ মহিলা গৰাকীয়ে স্বামীক তেওলোকে গৈ থকা গাড়ীখন ৰখাবলৈ দি পথত দাতিত পৰিথকা মহিলা গৰাকীক গাড়ীত উঠাই লৈ ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ আনে যদিও ৰঙিয়া কলেজ গেটত বহু সময় ধৰি গাড়ীখন ৰৱ লগা হোৱাত মহিলা গৰাকীয়ে তাতে মৃত্যুক সাৱতি লয় । 
পিচত মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে । মহিলা গৰাকীক কোনে?এনেদৰে পথৰ দাঁতিত কিয় পেলাই থৈ গল এই লৈ ৰহস্যৰ সৃষ্টি হৈছে যদিও মহিলা গৰাকীৰ অত্যাধিক ৰক্তক্ষণ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি কোনো দুৰ্বৃত্তই অপকৰ্ম কৰি এনেদৰে গাড়ীৰ পৰা নমাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।  ৰঙা ৰঙৰ শাৰী পিন্ধি থকা জনজাতীয় মুখাবয়ৱৰ মহিলা গৰাকীৰ মৃত্যুৰ সন্ধৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0