59
ৰঙিয়াঃ ৰঙিয়াৰ ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰৰত সবাহ মহোৎসৱৰ আয়োজন কৰা হৈছে৷
অহা ১৬ জানুৱাৰীৰপৰা চাৰিদিনীয়াকৈ আৰম্ভ হ’বলগীয়া সবাহ মহোৎসৱৰ দেওবাৰে আনুষ্ঠানিকভাৱে এক মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰা হয়৷ গায়ন বায়ন, ঢুলীয়া-খুলীয়া, আয়তীৰ নাম আদিৰ মাজেৰে অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানত সদৌ অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ উপদেষ্টা গকুল ভৰালীয়ে লাইখুঁটা স্থাপন কৰে৷