50
ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ৰঙিয়াৰ উকিল সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।
সদৌ অসম উকিল সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া উকিল সন্থাই দিনৰ ১১ বজাৰপৰা ১ বজালৈ ৰঙিয়া ন্যায়িক আদালতৰ চৌহদত ৰূপায়িত কৰে। ৰঙিয়া উকিল সন্থাৰ প্ৰায় ৫০ জনীয় প্ৰতিবাদকাৰী অধিবক্তা সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নানা ধৰণে শ্ল’গান দি বিধেয়কখনৰ বিৰোধীতা কৰে।