58
ৰঙিয়াঃ বাৰ কাউঞ্চেল অব ইণ্ডিয়াৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ দেশৰ অধিবক্তাসকলৰ লগতে ৰঙিয়াতো অধিবক্তাসকলে তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।
দিনৰ ১১ বজাত ৰঙিয়া উকিল সন্থাই তেওলোকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে। ৰঙিয়া উকিল সন্থাৰ সভাপতি নৃপেন কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অধিবক্তাসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।