ৰঙিয়াঃ কাশ্মীৰৰ পুলুবামাত জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ হাতত প্ৰাণ আহুতি দিয়া অসমৰ বীৰ শ্বহীদ জোৱান মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ হাতত ১৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে ভাৰীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাই৷

শাখাটোৰ মুখ্য প্ৰৱন্ধক হেমেন কুমাৰ শৰ্মাই শনিবাৰে বীৰ শ্বহীদগৰাকীৰ তামুলপুৰৰ কলবাৰীস্থিত গৃহত উপস্থিত হৈ প্ৰয়াত মনেশ্বৰ বসুমতাৰীৰ পত্নীৰ হাতত এই চেক প্ৰদান কৰে৷ পি এম এছ পি আঁচনিৰ অধীনত প্ৰদান কৰা এই ধনৰাশি দেশমাতৃৰ হকে বীৰ শ্বহীদগৰাকীৰ অতুলনীয় ত্যাগৰ প্ৰতি সন্মানসূচকভাৱে প্ৰদান কৰা হৈছে৷

পৰৱৰ্তী সময়ত ভাৰতীয় ষ্টেট বেংকে আঁচনিখনৰ অধীনত শ্বহীদগৰাকীৰ পৰিয়াললৈ ১৫ লাখৰ আন এক কিস্তি আগবঢ়াব বুলি মুখ্য প্ৰৱন্ধক শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ তামুলপুৰত আজি এই ধন প্ৰদানৰ সময়ত ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ আন বিষয়াবৰ্গও উপস্থিত থাকে৷ ষ্টেট বেংকৰ এই তাৎক্ষণিক পদক্ষেপক একেমুখে শলাগিছে বেংকটোৰ গ্ৰাহক সকলৰ লগতে ৰাইজে৷