ৰঙিয়াঃ ৰঙিয়া চহৰৰ উত্তৰ দিশত থকা বহুকেইখন গাওঁ এতিয়া কৃত্ৰিম বানৰ কবলত। বিশেষকৈ সীতাৰা, গুৰকুছি, বালাগাওঁ, তাতিপাৰা আদিকে কৰি সাতখনৰো অধিক গাঁৱৰ ৰাইজে পানীৰ মাজত আবদ্ধ হৈ দিন অতিবাহিত কৰিব লগীয়া হৈছে।
পানী যোৱা নলাসমূহৰ ওপৰত একাংশ ব্যক্তিয়ে মাটি পেলাই গৃহ নিৰ্মাণ কৰাত এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আবদ্ধ হৈ থকা পানীসমূহ উলিয়াই দিয়াৰ বাবে ৰঙিয়া গড়কাপ্তানি বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও পথাৰৰ মাজত বহুতে নিৰ্মাণ কৰা পকীবেৰৰ বাবে আন এক সমস্যাই দেখা দিছে।