ৰঙিয়াঃ ৰঙিয়া পৌৰসভাত অব্যাহত আছে অচলা অৱস্থা৷ পৌৰপতিৰ আসন খনক লৈ খোৱা কামোৰা অব্যাহত আছে৷ যেন সকলোকে লাগে ক্ষমতা৷ কেতিয়াবা যদি বিজেপি আৰু কেতিয়াবা অগপ। ৰঙিয়া পৌৰসভাৰ পৌৰপতিৰ আসনক লৈ সমস্ত বেমেজালি৷ প্ৰথমে বিজেপি, পিছত অগপৰ দখললৈ যোৱাৰ অন্তত পুণৰ বিজেপিৰ দখললৈ যোৱাৰ উপক্ৰম হৈছে পৌৰপতিৰ আসন৷ যাৰ বাবে বিজেপিয়ে আনন্দ প্ৰকাশ কৰা দেখা গৈছে।
অগপ দলৰ সমৰ্থিত বৰ্তমানৰ পৌৰসভাখনৰ পৌৰপতিগৰাকীয়ে সোমবাৰে আস্থাৰ ভোটৰ বাবে দিন নিৰ্ধাৰণ কৰি সভাৰ জাননী প্ৰদান কৰিছিল যদিও নাটকীয় ভাবে সভানেত্ৰীগৰাকীয়ে সভাৰ এঘন্টা পূৰ্বে সভা বাতিল কৰা বুলি জাননী দি সভাৰপৰা আঁতৰি থকাত বিজেপি দলৰ ওৱাৰ্ড কমিচনাৰ সকলৰ লগতে দলটোৰ ৰঙিয়াৰ কৰ্মকৰ্তা সকলে খৰ্গহস্ত হৈ পৰা দেখা যায়।