ৰঙিয়াঃ ৰঙিয়া আৰক্ষীৰ অভিযানত জালত পৰিল ৰাষ্ট্ৰীয় ঘাইপথত চিনেমাৰ কায়দাৰে ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা তিনি ডকাইত৷ যোৱা ২৮ মে’ত ওদালগুৰিৰ মনোজ দাস নামৰ ব্যৱসায়ী জনৰ পৰা কামৰূপ জিলাৰ আমিনগাঁৱৰ পৰা ডকাইতৰ বৃহৎ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথত ডিআই গাড়ী আগছি ধৰি পৰা প্ৰায় সাত লাখ টকা লুটি নিছিল।
আজি ৰঙিয়া মহকুমা আৰক্ষীয়ে ডকাইতৰ দলটোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়। ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ পেগুৱে এক গোপন খৱৰৰ ভিত্তিত কেইবাঘন্টাজোৰা অভিযান চলাই ৰঙিয়া কাছাৰী শৌলমাৰীৰ মইদুল আলী(২৮) ওৰফে আণ্ডাৰ, মাদৈকটাৰ নিজাম আলী(৩২) আৰু ৰঙিয়া পিতাম্বৰ হাতবজালীৰ নজৰুল ইছলামক আটক কৰে।