তুলসীবাৰী/ৰঙিয়াঃ মঙলবাৰে ৰঙিয়া প্ৰেছ ক্লাবৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনৰ উন্নয়ণৰ স্বাৰ্থত অনুষ্ঠিত সভাখন গোপালপুৰ কুমটিবাৰীস্থিত জেএনবি একুৱা এগ্ৰ’ প্ৰাঃ লিমিটেডৰ ফাৰ্মত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত অনুষ্ঠিত হয়৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন জ্যোতি পাটোৱাৰীয়ে৷ সম্পাদক ফাৰুক হুছেইনে সঞ্চালনা কৰা সভাখনত অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুত ডেকাই ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সাংস্কৃতিক তথা অন্যান্য কাৰ্যসুচী ৰূপায়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা বুলি ক্ষোভ ব্যক্ত কৰে৷
সকলোকে ঐক্যবদ্ধভাবে সংশ্লিষ্ট কৰ্তৃপক্ষক হেঁচা প্ৰয়োগৰ বাবেও আহ্বান জনায়৷ বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা পংকজ পল্লৱ শৰ্মাই ৰঙিয়াৰ দৰে অগ্ৰণী নগৰ এখনত নাট্যচৰ্চাৰ বাবে উন্নতমানদণ্ডৰ মঞ্চ এখন হৈ নুঠাতো পৰিতাপৰ বিষয় বুলি উল্লেখ কৰে৷ হৰদত্ত-বীৰদত্তৰ দৰে পৰাক্ৰমী ৰজাৰ নামত উৎসৰ্গিত মঞ্চ তথা ভবনটো বিশ্বায়নৰ যুগতো অত্যাধুনিক ৰূপত গঢ়ি তুলিব নোৱাৰাতো দুৰ্ভাগ্যজনক বিষয় বুলি কয় শৰ্মাই৷