ৰঙিয়াঃ বৃহস্পতিবাৰে কামৰূপৰ ৰঙিয়াৰ মৰাণজানাত ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইবাশতাধিক পুৰুষ মহিলাই প্ৰশাসন তথা এটি টায়াৰ কোম্পানীৰ গৰাকীৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ যোৱা ১৫ ফেব্ৰুৱাৰীত মৰাণজানাৰ এটি টায়াৰ কোম্পানীত শ্ৰমিকে কাম কৰি থকা অৱস্থাতে মেচিন বিস্ফোৰণ সংঘটিত হৈ দুগৰাকী লোকৰ আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও কেইটামান ঘন্টাৰ পিছতেই দুয়োগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল৷
মৰাণজানৰ উদ্যোগিক পামৰ কামৰূপ ফুৱেলচ ফেক্টৰী নামৰ টায়াৰ কোম্পানীত বিস্ফোৰণ সংঘটিত হৈ শ্ৰমিকদুজন অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লৈছিল৷ অগ্নিদগ্ধ স্থানীয় শ্ৰমিক শ্ৰমিক বাবুল আলী আৰু চটশিলৰ মোবাৰক আলীৰ মৰাণজানা কামৰূপ ফুৱেলচ ফেক্টৰীৰ মালিকৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷