ৰঙিয়াঃ ৰাজ্যজুৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি দাবী পূৰণৰ দাবীত সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনোৱা ১ আৰু ২ ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ পালন কৰিব৷
ৰঙিয়া পৌৰ সভাৰ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰিব৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগেই এতিয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত৷ সমস্যাত ভুক্তভোগী হ’ব লগা হয় বিভাগীয় কৰ্মচাৰীসকল৷ বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী-বিধায়কসকলে কৰিব পৰা কোনো এখন ক্ষেত্ৰৰে কোনো এটা কামৰে সঠিক সমাধান৷