66
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত মঙলবাৰৰ পুৱাই তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী ছাত্ৰ সহিতে দুজন লোকৰ মৃত্যু হোৱাৰ পিছতে ৰঙিয়া চহৰৰ সমীপৰ কৰৰাত ৰাইজ উত্তেজিত হৈ পৰে।
ফলত ডাম্পাৰত আক্ৰমণ কৰাৰ লগতে ডাম্পাৰৰ চালকক আক্ৰমণ কৰাত উত্তেজনাৰ সৃষ্টি হয়৷ ৰঙিয়া চহৰৰ সমীপৰ কৰৰাত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, ছাত্ৰ সহিতে পথেৰে আহি থকা এখন স্কুটিত ডাম্পাৰ খনে খুন্দা মাৰে৷