♦ ১৪ খন জিলা হেৰুৱালোঁ আৰু নেহেৰোৱাওঁঃ সাংসদ আৰ পি শৰ্মা

ৰঙিয়াঃ ভাৰতীয় জনতা পাৰ্টীয়ে তেজপুৰ, মঙলদৈ গুৱাহাটীসহ কেইবাটাও লোকসভা সমষ্টিত নতুন মুখৰ সন্ধান কৰি থকা বুলি বি জে পি নেতা জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ সময়তে বি জে পিয়ে লোকসভা নিৰ্বাচনত নতুন মুখৰ সন্ধান কৰাৰ কথাটো পোনছাটেই নসাৎ কৰিছে সাংসদ আৰ পি শৰ্মাই। 

তেওঁ কয় যে লোকসভা  নিৰ্বাচনৰ বাবে আৰু মাত্ৰ এমাহ সময় আছে গতিকে এতিয়া আৰু নতুন মুখ বিচৰাৰ সময় নাই। উল্লেখ্য, আজি তেজপুৰৰ সাংসদ শৰ্মা আৰু মঙলদৈৰ সাংসদ ৰমেন ডেকাই একেলগে ৰঙিয়া ৰে’ল সংমণ্ডলৰ উদ্যোগত ৰঙিয়া ৰে’ল ষ্টেচনত উৰনীয়া পদ সেতু (ফুট অভাৰ ব্ৰিজ), লিফ্ট, চলমান চিৰি আৰু গোৰেশ্বৰ ৰে’লৱে ষ্টেচনত প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ বিশ্ৰামাগাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে নতুনকৈ আধুনিকিকৰণ কৰি শোভাবৰ্ধন কৰা ৰঙিয়া ৰে’ল ষ্টেচনৰ বাহিৰৰ অংশ মুকলি কৰা উপলক্ষে আয়োজিত সভাত ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধক ৰবিলেশ কুমাৰ, সহ অন্যান্য উচ্চ পদস্থ ৰে’ল বিষয়াসকল উপস্থিত আছিল।

শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে, বি জে পিয়ে প্ৰকৃততে মাটি, ভেটি, জাতি আৰু অসমীয়া সংস্কৃতিপ্ৰেমী। দলে সদায় অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি আছে বুলি তেওঁ কয়। 

'আমি ইতিমধ্যে ৰাজ্যৰ ১৪ খন জিলাৰ লগতে বহু সত্ৰ-মন্দিৰ আৰু নামঘৰ হেৰুৱালোঁ৷ এতিয়া আমি আৰু একো হেৰুৱাবলৈ বিচৰা নাই' বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 

ৰঙিয়াত অচিৰেই সকলো ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি সাংসদ ৰমেন ডেকাই অনুষ্ঠানত ভাষণ প্ৰসংগত ৰঙিয়াৰ ৰাইজক আশ্বাস প্ৰদান কৰে।