newsnextone.com | ৰঙিয়াঃ অৱশেষত দৰমহা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা ৰেল চাফাই কৰ্মীয়ে৷ ৰঙিয়া ৰেল ষ্টেচন চাফ-চিকুণ কৰি ৰখাৰ দায়িত্বত নিয়োজিত হৈ থকা ৰেল চাফাই কৰ্মীয়ে দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷ ৰেল চাফাই কৰ্মীসকলে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবী জনায়৷

শংকৰ প্ৰসাদ ৰয় নামৰ ঠিকাদাৰ জনৰ অধিনত প্ৰায় ৬০গৰাকী চাফাই কৰ্মীয়ে দিনে নিশাই কঁপালৰ ঘাম মাটিত পেলাই ষ্টেচনটো চাফ-চিকুণ কৰে যদিও ঠিকাদাৰৰ শোষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ চাফাই কৰ্মীসকলে অতি কষ্টৰ বিনিময়ত পাবলগীয়া টকা কেইটা শংকৰ প্ৰসাদ ৰায় নামৰ ঠিকাদাৰ জনে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হয়। 

দীৰ্ঘদিনৰ পৰা ঠিকাদাৰ জনে মাহৰ দৰমহা, পি এফ আদিৰ খেলিমেলি কৰি আহাত নিজৰ প্ৰাপ্যৰ বাবে ঠিকাদাৰজনক শ্ৰমিকসকলে যোগাযোগ কৰাত গুৰুত্ব প্ৰদান নকৰাত বুধবাৰে ৰঙিয়া ৰেল ষ্টেচনত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। বুধবাৰে দিনৰ প্ৰায় ১০ বজাৰ পৰা অৱস্থান ধৰ্মঘট কৰি ঠিকাদাৰৰ শোষণ নীতি বন্ধ কৰক, আমাক শ্ৰমৰ বিনিময়ত উচিত দৰমহা প্ৰদান কৰক আদি ধ্বনি প্ৰদান কৰা৷

প্ৰতিবাদী চাফাই শ্ৰমিকসকলে শংকৰ প্ৰসাদ ৰয় নামৰ ঠিকাদাৰ জনে প্ৰতিমাহে এজনক ৭৬৮০ টকাকৈ দিব লাগে যদিও ইয়াৰ বিপৰীতে ঠিকাদাৰজনে শ্ৰমিকসকলক মাহে প্ৰদান কৰি আছে ৫৬০০ টকাকৈ। আনহাতে যিখিনি দৰমহা প্ৰদান কৰি আছে সেইখিনি দৰমহা দিয়াৰ সময়ত চেক পাতত স্বাক্ষৰ কৰাৰ পিছতহে দৰমহা আদায় দিয়ে। 

আনহাতে চাফাই কৰ্মীসকলৰ মুঠ ৬০গৰাকীৰ পি এফৰ নামত ধন কৰ্তন কৰে যদিও মাত্ৰ ৩২গৰাকী কৰ্মীৰহে ধন জমা হোৱা বুলি জানিব পাৰিছে কৰ্মীসকলে। পি এফৰ নামত জমা হোৱা ধন মাত্ৰ ৫পৰা ৬টা কিস্তিহে জমা হোৱা বুলি শ্ৰমিকসকলে জ্ঞাত হয়। আনহাতে ঠিকাদাৰ শংকৰ প্ৰসাদ ৰায়ে নিজ মইমতালিৰে ৰঙিয়াৰ বিপৰীতে বঙাইগাঁৱৰ ইউনাইটেত বেংকত একাউণ্ট খুলি দিছে যদিও কৰ্মীসকলৰ পি এফৰ ন'মিনি হিচাপে নিজৰ পৰিয়ালক দিব লাগে যদিও ঠিকাদৰজনে ন'মিনি হিচাপে প্ৰত্যেক জন চাফাই কৰ্মীৰ বিপৰীতে তেওঁৰ নামটো দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ৰেল চাফাই কৰ্মীসকলে।