newsnextone.com | ৰঙিয়াঃ অৱশেষত দৰমহা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা ৰেল চাফাই কৰ্মীয়ে৷ ৰঙিয়া ৰেল ষ্টেচন চাফ-চিকুণ কৰি ৰখাৰ দায়িত্বত নিয়োজিত হৈ থকা ৰেল চাফাই কৰ্মীয়ে দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷ ৰেল চাফাই কৰ্মীসকলে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবী জনায়৷
শংকৰ প্ৰসাদ ৰয় নামৰ ঠিকাদাৰ জনৰ অধিনত প্ৰায় ৬০গৰাকী চাফাই কৰ্মীয়ে দিনে নিশাই কঁপালৰ ঘাম মাটিত পেলাই ষ্টেচনটো চাফ-চিকুণ কৰে যদিও ঠিকাদাৰৰ শোষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ চাফাই কৰ্মীসকলে অতি কষ্টৰ বিনিময়ত পাবলগীয়া টকা কেইটা শংকৰ প্ৰসাদ ৰায় নামৰ ঠিকাদাৰ জনে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হয়।