তুলসীবাৰী/ৰঙিয়াঃ অসমীয়া সংবাদ জগতৰ মহীৰুহ, প্ৰবীন সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু ৰাজ্যৰ আন আন ঠাইৰ লগতে ৰঙিয়াতো শোকৰ ছাঁ পৰে৷ জনপ্ৰিয় দৈনিক অসম কাকতৰ সম্পাদকগৰাকীৰ মৃত্যুত ৰঙিয়া প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰে৷
ৰঙিয়া প্ৰেছ ক্লাবৰ সভাপতি অঞ্জনজ্যোতি পাটোৱাৰী আৰু সম্পাদক ফাৰুক হুছেইনে ভাগৱতীয়ে অসমৰ সংবাদজগতলৈ আগবঢ়োৱা অৱদান চিৰসেউজ হৈ ৰব বুলি কয়৷ ৮৫ বছৰীয়া ভাগৱতীয়ে শাৰীৰিক অসুস্থতাক নেওচি মৃত্যুৰ আগমুহূৰ্তলৈ সংবাদক্ষেত্ৰখনত সক্ৰিয় হৈ থাকি উদীয়মান সাংবাদীকসকলৰ বাবে অনুপ্ৰেৰণা হৈ আছিল বুলি কয় ৰঙিয়া প্ৰেছ ক্লাবে৷