Home ৰাজ্যৰঙিয়া-তামুলপুৰ-ভূটান পথ অৱৰোধ

ৰঙিয়া-তামুলপুৰ-ভূটান পথ অৱৰোধ

by News Desk
63 views
A+A-
Reset

তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মটঙা চকত ৰঙিয়া-তামুলপুৰ-ভূটান পথ অৱৰোধ কৰি মঙলবাৰে তামুলপুৰ মহকুমা আছুৱে উত্তাল প্ৰতিবাদ কৰে। তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা লগতে তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাটাও শাখা ছাত্ৰ সন্থাই দিনৰ বাৰ বজাত তামুলপুৰ মটঙা চকত ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো অবৰোধ কৰি বিধেয়ক বিৰোধী কাৰ্যসুচি ৰূপায়ণ কৰে।

নলবাৰী-ঘগ্ৰাপাৰৰ কাণ্ডৰ লগত জড়িত গুণ্ডা বাহিনীক ধিক্কাৰ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তামুলপুৰ আঞ্চলিক ছাত্ৰ কাৰ্য্যালয়ৰপৰা সমদল কৰি আহি তামুলপুৰ মহকুমা সদৰৰ মটঙা চকত ঘাইপথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাৱাদ, বিজেপিৰ গুণ্ডামি নচলিব, বিজেপি গো বেক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, নলবাৰী পুলিচ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, হিন্দু-মুছলিম ভাই-ভাই, আদি শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0