76
ৰঙিয়াঃ গুৱাহাটী গণেশগুৰিৰ নিউটেক ইণ্ডিয়া নামৰ এটা প্ৰতিষ্ঠানৰ প্ৰায় বাৰ লাখ টকাৰ টাৱাৰ নিৰ্মানৰ সামগ্ৰীসহ নগাঁও দিশে গৈ থকা অৱস্থাত চুৰি হোৱা বলেৰ’ পিক আপ ভান এখনৰ লগতে এখন ইক’ ভান বুধবাৰে ৰঙিয়া গুৰুকুছি ৰে’ল গে’টৰ সমীপত উদ্ধাৰ হয়।
ৰঙিয়া আৰক্ষীয়ে চুৰি হোৱা বাহন দুখন এনেদৰে ৰঙিয়াত ৰাখি থোৱা অৱস্থাত খবৰ পোৱাত গৰাকীক খবৰ দিয়া হয়। জানিব পৰা মতে গনেশগুৰিৰপৰা ব’লেৰ’খন চুৰি হোৱাৰ লগতে মাৰুতি ইক’ ভানখন চুৰি হৈছিল গুৱাহাটী সাতগাঁৱৰপৰা।