ৰঙিয়াঃ ৰঙিয়া জামটোলাত সোমবাৰে পুৱা গড়কাপ্তানি বিভাগৰ কাঠৰ দলং এখন ভাগি সামগ্ৰীভৰ্তি ট্ৰাক এখন তললৈ বাগৰি পৰে।

ঘটনা সম্পৰ্কত জানিব পৰা মতে, পথ নিৰ্মাণৰ বাবে কংক্ৰিতৰ ব্লক কঢ়িয়াই নিয়া এ এছ ২৫ - ৫৫৩১ নম্বৰৰ ট্ৰাক এখনে জামটোলাত কাঠৰ দলংখন অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্বল দলংখন ভাগি ট্ৰাকখন দলংৰ তলত পৰি যায়।

ৰঙিয়া গড়কাপ্তানি বিভাগৰ ফালৰপৰা দুৰ্বল দলং বুলি জাননী ফলক থকাৰ পাছতো চালকজনে নিজৰ মইমতালিৰে ট্ৰাকখন দুৰ্বল কাঠৰ দলংখনেৰে অতিক্ৰম কৰিবলৈ লৈছিল। যাৰ ফলত দলংখন ভাঙি চুৰ্ণ-বিচুৰ্ণ হৈ পৰে। 

ফলত দলংখনৰে গাড়ী মটৰৰ চলাচল বন্ধ হৈ পৰে। অত্যাধিক বোজা লৈ এনেদৰে দুৰ্বল দলং এখনৰে ট্ৰাকখন অতিক্ৰম কৰি দলংখন সম্পুৰ্ণ ৰূপে ক্ষতি কৰাত ৰঙিয়া গড়কাপ্তানি বিভাগৰ তৰফৰপৰা ৰঙিয়া আৰক্ষী থানাত গাড়ীৰ গৰাকীৰ বিৰোদ্ধে গোচৰ ৰুজু কৰা হয়।