ৰঙিয়াঃ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল৷ এই আপ্ত বাক্যশাৰীকৈ বাৰে বাৰে প্ৰমাণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ কিয়নো ঘোষণা কৰাত বিখ্যাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনত ইমূৰৰ পৰা সিমূৰলৈ অগণন চিকিৎসালয় গঢ়াৰ লগতে ন’ ন’ আঁচনি ঘোষণা কৰিছে যদিও বহু আছে এতিয়া আপ্তবাক্যশাৰীৰ সৈতে মিল থকা পৰিলক্ষিত হৈছে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্ত চিকিৎসালয় স্থাপন কৰিছে যদিও আজিলে তলা খুলিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই৷ বহি চিকিৎসালয় এতিয়া হাবি-জংঘলে আৱৰি আছে৷ ৰাজকোষৰ কোটি কোটি খৰছ কৰি অপব্যয় কৰিছে ৰাইজৰ টকা৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া স্বাস্থ্য খণ্ডত অৰাজক পৰিৱেশ৷ স্বাস্থ্য বিভাগক গুৰুত্ব প্ৰদান কৰিবলৈ কোনো নাই৷