Home ৰাজ্যৰাজ্যত খাৰুৱা তেলৰ ৰমৰমীয়া চোৰাং ব্যাৱসায় । ৰঙিয়া আৰক্ষীৰ জালত কুখ্যাত ব্যৱসায়ী দীননাথ শ্বাহ

ৰাজ্যত খাৰুৱা তেলৰ ৰমৰমীয়া চোৰাং ব্যাৱসায় । ৰঙিয়া আৰক্ষীৰ জালত কুখ্যাত ব্যৱসায়ী দীননাথ শ্বাহ

by News Desk
A+A-
Reset
IMG-20181002-WA0011

newsnextone.com।ৰঙিয়া: বহিঃৰাজ্যলৈ খাৰুৱাতেলৰ চোৰাং সৰবৰাহকাৰীৰ মূল নায়ক দীননাথ শ্বাহক যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে গুৱাহাটী ৰাজগড়ৰৰ পৰা আটক কৰে । যোৱা ৩১ মেত ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া তুলসীবাৰীত এখন খাৰুৱা তেল ভৰ্তী ট্ৰাক জব্দ কৰাৰ পিচত ৰঙিয়া আৰক্ষীয়ে কামৰূপ আৰক্ষী অধিক্ষকৰ অনুমতি সাপেক্ষে আৰম্ভ কৰিছিল এক অভিযান । প্ৰায় চাৰিমাহ ৰঙিয়া আৰক্ষী থানাৰ চহৰ আৰক্ষী উপ পৰিদৰ্শক কিষাণ পাঠক আৰু তুলসীবাৰী আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেন্দ্ৰ হুজুৰীয়ে অনুসন্ধান চলাই এক গোপন খৱৰৰ ভিত্তিত যোৱা নিশা মহানগৰিত মূল অভিযুক্তৰ সন্ধৰ্ভত অভিযান আৰম্ভ কৰে । খাৰুৱা তেলৰ চোৰাং ব্যৱসায়ৰ লগত জৰিত কুখ্যাত তেল মাফিয়া দীননাথ শ্বাহ বহিঃৰাজ্যৰ পৰা আহি বৰাঝাৰ বিমানকোঠত উপস্থিতহৈ গুৱাহাটী অভিমূখে যাত্ৰা কৰাৰ খৱৰ লাভ কৰে আৰক্ষীয়ে । লগে লগে উক্ত দুই আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এটা বৰাঝাৰ বিমানকোঠত উপস্থিত হৈ তেল মাফিয়া জনৰ গাড়ীৰ পিচলৈ গোৱাহাটী ৰাজগড়ৰৰ পৰা আটক কৰে দিননাথ শ্বাহক । নিশাৰ ভাগতে শ্বাহক ৰঙিয়ালৈ আনি সোধপোচ আৰম্ভ কৰে । ৰঙিয়া আৰক্ষীয়ে জানিবলৈ দিয়ামতে কাৰ্বি আংলং ৰ খটখটীৰ এম এছ ছ’নী পেট্ৰ’কেমিকেল ইণ্ডাষ্ট্ৰীটোৰ পৰা নিয়ন্ত্ৰণ কৰে দীনানাথৰ বৃহৎ এই তেলৰ ক’লা বজাৰ খন । ধৃত দিননাথে জাল নথিপত্ৰ বনাই ৰঙিয়া হৈ কলিকতালৈ পঠাই খাৰুৱা তেল ভৰ্তী ট্ৰাক সমূহ । যাৰ ফলত অসমৰ এটা বৃহৎ চক্ৰই এনে খাৰুৱা তেলৰ চোৰাং বজাৰ খনৰ পৰা লাভ কৰে লাখ লাখ টকা । আনহাতে আৰক্ষী সুত্ৰে জানিৱ পৰা মতে খাৰুৱা তেলৰ এই চক্ৰটোৰ পৰা কাৰ্বী উগ্ৰপন্থী সংগঠনৰ লগতে NSCN ক ও ধন দি আহিছে ধৃত শ্বাহে । ইফালে চোৰাং তেলৰ বজাৰখনত ৰাজ্যৰ বহু ৰথি মহাৰথি থকাৰ সন্ধেহ কৰিছে আৰক্ষীয়ে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0