Home ৰাজ্যৰঙিয়াত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ, ৭ যুৱক-যুৱতী উদ্ধাৰ

ৰঙিয়াত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ, ৭ যুৱক-যুৱতী উদ্ধাৰ

by News Desk
A+A-
Reset
3a713aaa-818a-4ae7-a9ed-7faaebc8a845

newsnextone.com | ৰঙিয়াঃ ৰাজ্যত দিনক দিনে সক্ৰিয় হৈ পৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুস্ত চক্ৰই যুৱক-যুৱতীক গোপনে অইন ৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে৷ বাহিৰত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই অভিসন্ধি কৰি যুৱক-যুৱতীক বাহিৰলৈ লৈ গৈ অসৎ কাৰ্যত তেওঁলোকক নিয়োজিত কৰি আহিছে৷ এনে মানৱ সৰবৰাহ চক্ৰ ব্যপকভাৱে সক্ৰিয় হৈ পৰা সময়ত মঙলবাৰে নিশা ৰঙিয়াত ৰেল সুৰক্ষা আৰক্ষীয়ে ৭ জনকৈ যুৱক-যুৱতীক মানৱ সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, মঙলবাৰে নিশা ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই যুৱক-যুৱতীকেইজনক উদ্ধাৰ সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰে৷ জানিব পৰা মতে, বহিঃৰাজ্যত কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি বাক্সা জিলাৰ বিভিন্ন অঞ্চলৰ ৭ জন দৰিদ্ৰ যুৱক-যুৱতীক মানৱ সৰবৰাহকাৰী এগৰাকী মহিলা সদস্যই মুম্বাই অভিমুখী লোকমান্য তিলক এক্সপ্ৰেছ যোগে মুম্বাইলৈ নিয়াৰ প্ৰস্তুতি চলাইছিল৷ কিন্তু ৰে’লৱে আৰক্ষীয়ে এই বিষয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰি ৰঙিয়া ষ্টেচনত তালাচী চলায় আৰু সৰবৰাহ চক্ৰৰ এগৰাকী মহিলা সদস্যক আটক কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0