Home ৰাজ্যকৰ্মচাৰী পৰিষদৰ শ্বহীদ দিৱস পালন

কৰ্মচাৰী পৰিষদৰ শ্বহীদ দিৱস পালন

by News Desk
86 views
A+A-
Reset

ৰঙিয়াঃ সমগ্ৰ অসমৰ লগতে আজি ৰঙিয়াতো জিলা কৰ্মচাৰী পৰিষদে শ্বহীদ দিৱস পালন কৰে। ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱনত দিনৰ ১০ বজাত জিলা কৰ্মচাৰী পৰিষদৰ কৰ্মকৰ্তাসকলে এক মাংগলিক কাৰ্যসূচীৰে এই দিনটো ৰূপায়ণ কৰে। অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক নৰেন্দ্ৰ শৰ্মা আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপক কলিতা। তেওঁলোকে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। মাল্যাৰ্পণ কাৰ্যসূচীৰ পাছতে শৰ্মাই তেওঁৰ ভাষণত শ্বহীদ দিলীপ চক্ৰৱৰ্তীক স্মৰণ কৰি কয় যে ১৯৮০ চনৰ এক নৱেম্বৰত অসম গণ সংগ্ৰাম পৰিষদে বিভিন্ন দাবী সমাধানৰ বাবে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল। কাৰ্যসূচীত অংশগ্ৰহণ কৰোতে অসম সচিবালয়ৰ কৰ্মচাৰী দীলিপ চক্ৰৱৰ্ত্তীয়ে চি আৰ পি এফৰ গুলীত শ্বহীদ হ’বলগা হৈছিল। তেতিয়াৰপৰা সদৌ অসম কৰ্মচাৰী পৰিষদে শ্বহীদগৰাকীক স্মৰণত প্ৰতিবছৰে এক নৱেম্বৰৰ দিনটোতে শ্বহীদ দিৱস হিচাপে পালন কৰি অহা আহিছে। আনহাতে উক্ত কাৰ্যসূচীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হবিবুৰ ৰহমান, ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিপুল চক্ৰৱৰ্তী, সম্পাদক সৰ্বেশ্বৰ লহকৰ, ৰঙিয়া জিলা সমিতিৰ প্ৰাক্তন সম্পাদক মুকুট চৌধুৰীৰ লগতে জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি মোহন মাধৱ বৰ্মন উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0