89
ডিফুঃ কাৰ্বি পাহাৰৰ লোকসকলে পৰম্পৰাগত কাৰ্বি ৰংকেৰ পূজা পালন কৰি আহিছে। কাৰ্বি পৰম্পৰা, ৰীতি-নীতি, বিশ্বাসেৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফু চহৰতো দেওবাৰে ৰংকেৰ পূজা অনুষ্ঠিত হয়৷ দেশৰ-দেহৰ বাবে ডিফু চহৰবাসীয়ে পূজা কৰে৷ ডিফু চহৰৰ ব্যৱসায় বাণিজ্য তথা চহৰ খনৰ মংগল কামনাৰে ডিফু বজাৰ ৰংকেৰ সমিতিৰ উদ্যোগত ডিফু শনি মন্দিৰ তিনি আলিত কাৰ্বি পৰম্পৰাৰে ৰংকেৰ পূজা অনুষ্ঠিত হয়৷
