নতুন দিল্লীঃ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অলপতে খং উঠা ‘ছৰ্ট টেম্পাৰ্ড’ স্বভাৱৰ মানুহ নেকি? তেওঁ এনে এক প্ৰশ্নৰে সন্মুখীন হৈছিল এক সাক্ষাৎকাৰত। ন্যায়াধীশ গগৈৰ পোনপতীয়া উত্তৰ আছিল এনেধৰণৰঃ ‘মই কাকো সন্তুষ্ট কৰিব নালাগে। মইতো কোনো কূটনীতিবিদ বা ৰাজনীতিবিদ নহয় যে মই কাৰোবাক হাঁহি মুখেৰে আনন্দিত কৰি থাকিব লাগিব। যিটো শুদ্ধ বুলি ভাবো মই তাকে কৰোঁ… সেয়া অৱশ্যে ভুলো হ’ব পাৰে। যদি কোনোৱে লাগ-বান্ধ নাইকীয়া কথা কয় মই কি কৰিম?’
এন ডি টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰসংগত কয় যে বৰ্তমান প্ৰতিভাসম্পন্ন আইনবিদসকলে ন্যায়াধিশ হ’বলৈ ইচ্ছা নকৰাটো অতি চিন্তনীয় হৈ পৰিছে। কোনো এক ৰায়ক সমালোচনা কৰা, ৰায়টোৰ আইনী খুঁট উলিওৱা কাৰ্য আদৰণীয় যদিও ৰায় দিয়া ন্যায়াধীশজনক আক্ৰমণ কৰা আৰু ন্যায়াধীশৰ উদ্দেশ্য বা অভিপ্ৰায় উলিয়াই প্ৰচাৰ কৰা অতি অসহ্যকৰ। ন্যায়াধীশৰ বিৰুদ্ধে বোকা ছটিওৱাৰ যি এক প্ৰৱণতা দেখা গৈছে, সেয়া অতি ভয়ংকৰ বুলি তেওঁ মত পোষণ কৰে।