দলংঘাটঃ দৰং জিলাক ৰাজ্যৰ সংস্কৃতিৰ বৰঘৰ বুলি কলে ভুলকৈ কোৱা ন’হব৷ নানা পৰম্পৰা, কৃষ্টি, সংস্কৃতিৰ যেন বৰ ঘৰ গুৱাহাটী মহানগৰীৰ সমীপৰ জিলা খন৷ জাতি, মাটি আৰু আপোন মানুহৰ বাবে শ্ল’গান দিয়া এখন জিলা৷ অসমীয়া জাতিৰ বিপদৰ সময়ত অসমী আইক ৰক্ষা কৰিবলৈ ওলাই অহা এখন জিলা৷ জাতিৰ সংকট কালত সমগ্ৰ অসমৰ সৈতে থিয় হৈ সংগ্ৰাম কৰি যোৱা জিলা খনৰ বেছি খিনি মানুহেই জাতীয়তাবাদক ভাল পোৱা মানুহ৷ যাৰ বাবে জিলা খনত জাতিয় তথা জনগোষ্ঠীয় সংগঠনৰ ভাল প্ৰভাৱ আছে৷
ঐতিহাসিক পথৰুঘাটৰ ৰণৰ পৰা আৰম্ভ কৰি অসম আন্দোলনলৈকে জিলা খনৰ লোকসকলে যোগদান দিছে৷ তাৰ মাজতে জিলা খনৰ পৰা বহু যুৱক নিষিদ্ধ ঘোষিত আলফাতো যোগাদন কৰিছিল৷ স্বাধীন অসমৰ স্বপ্নক সাৰ্থক কৰিবলৈ হাতত তুলি লৈছিল বন্দুক৷ হাবি জংঘলত দিন অতিবাহিত কৰিছিল৷ লগে লগে বহু যুৱক সেনা-আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰিব লগা হোৱাৰ লগতে বহু যুৱক ঘূণীয়া হৈছিল৷