নলবাৰীঃ ঘৰৰ পৰা ওলাই যোৱাৰ পৰত তেওঁ মাতৃক মাত এষাৰ দি ওলাই গৈছিল। ঘৰৰ পৰা গৈছিল ৰাস চাব যাম বুলি। কিন্তু ৰাস চাব যোৱা ১৩ বছৰীয়া যুৱক কিশোৰগৰাকীৰ যোৱা ১৩ দিনে সন্ধান নাই।
নলবাৰী জিলাৰ সমীপৱৰ্তী নাগ্রীজুলি আৰক্ষী চকীৰ অধীনৰ বগৰিখুটি গাঁৱৰ প্ৰফুল্ল চৰকাৰৰ পুত্ৰ ৰঞ্জিত চৰকাৰ যোৱা ১৩ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাগ্রীজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰঞ্জিত চৰকাৰে ঘৰলৈ উভতি নহাত চকুলো টুকি দিন পাৰ কৰিছে পিতৃ-মাতৃয়ে।