ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ চৰকাৰে উন্নাও ধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইক প্ৰদান কৰে৷ ইয়াৰ লগতে প্ৰায় এবছৰৰ মূৰকত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যোগী আদিত্য নাথৰ চৰকাৰে৷ বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেগাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৬৩, ৩৬৬, ৩৭৬, ৫০৬ আৰু POCSO ধাৰাত গোচৰ ৰুজু কৰে৷
আনহাতে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা কিশোৰীৰ পিতৃৰ মৃত্যুৰ পিছত চিকিৎসকে গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ধৰ্ষণৰ অভিযোগকাৰী মহিলাৰ পিতৃক অভিযুক্ত বিধায়কৰ লোকে মাৰধৰ কৰাৰ অন্তত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে চিকিৎসা কৰাৰ পৰিৱৰ্তে হাঁহি-ধেমালি, ঠাট্টা মষ্কৰা কৰি ইতিকিং কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে চিকিৎসক-আৰক্ষীৰ বিৰুদ্ধে৷ ইতিমধ্যে চিকিৎসকে হাঁহি-ধেমালি কৰি ইতিকিং কৰা ভিডিঅ’ ভাইৰেল হৈছে৷