মুছলপুৰ/নলবাৰী/সোণাৰিঃ যোৱা ২৪ ঘণ্টাৰ ভিতৰতে ৰাজ্যত কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে৷ বিটিএডিৰ বাক্সা জিলাৰ নিকাছীত সোমবাৰে এগৰাকী কিশোৰীক ৰাজ পথৰ দাতিত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয় এগৰাকী গাড়ীৰ হেণ্ডিমেনৰ বিৰুদ্ধে৷
জানিব পৰা মতে, নিকাছীৰ এটি দৰিদ্ৰ পৰিয়ালৰ ১৪ বছৰীয়া কিশোৰীয়ে পৰিয়ালৰ লোকৰ কথা মতে চাইকেলেৰ সমীপৰ দোকানৰ পৰা সামগ্ৰী আনিবলৈ যায়৷ কিশোৰীগৰাকীয়ে পৰিয়ালৰ কথা মতে দিনৰ ভাগত দোকানৰ পৰা সামগ্ৰী আনিবলৈ যাোৱাৰ সময়তে আদবাটত একে গাঁৱৰে ধনজিত তালুকদাৰ নামৰ লোকজনক লগ পায়৷