অৰুণাচলঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচলৰ কম বয়সীয়া মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগৰ চাঞ্চল্য আজিও অব্যাহত আছে৷
অৰুণাচলৰ বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে অৱশেষত ৰাষ্ট্ৰীয় মহিলা আয়োগক অভিযোগ দাখিল কৰে৷ লিখিত অভিযোগ দাখিল কৰি মহিলাগৰাকীয়ে কয়, ২০০৮ চনত পেমা খাণ্ডু আৰু আন দুগৰাকী সহযোগীয়ে মোক জোৰ-জুলুম কৰি চাৰ্কিট হাউচলৈ নি ধৰ্ষণ কৰে৷