68
কোকৰাঝাৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী তথা বিধৱা মহিলা এগৰাকীৰ মৃতদেহ চক্ৰশীলা অভয়াৰণ্যৰ শিঙিমাৰী ঝাৰত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
পাহাৰৰ গাতে লাগি থকা দ খাৱৈৰ পৰা অৰ্ধ উলংগ অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকে কোনো দুৰ্ষ্কৃতিকাৰীয়ে ধৰ্ষণৰ পিছত হত্যা কৰি পাহাৰৰ পৰা দ খাৱৈত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ।