ডিজিটেল ডেস্কঃ নাৰী সুৰক্ষিত কেতিয়া হ’ব৷ ভাৰত বৰ্ষৰ দৰে দেশত এই প্ৰশ্ন ক্ৰমে জটিল হৈ পৰিছে৷ নিতৌ নাৰীৰ ওপৰত অত্যাচাৰ চলি অহাৰ খবৰ প্ৰচাৰ হৈ অহাৰ সময়তে পুনৰ গণ ধৰ্ষণৰ বলি হ’ল এগৰাকী আদিবাসী যুৱতী৷ গণ ধৰ্ষণৰ কৰিয়েই ক্ষান্ত নাথাকি যৌনাংগত লোৰ টুকুৰা ভৰাই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম বংগত৷
পশ্চিং বংগৰ স্থানীয় ৱেবছাইটৰ খবৰ মতে, দক্ষিণ দিনাজপুৰৰ কুশমন্দিত সংঘটিত হৈছে এই ঘটনা৷ দেওবাৰে নিশা ৩০ বছৰীয়া যুৱতীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়৷ স্থানীয় ৰাইজে ৰায়গঞ্জৰ স্পেছেলিয়িটি হস্পিতালত ভৰ্তি কৰাৰ লগতে উন্নত চিকিৎসা কৰাৰ বাবে মালডা চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰে যুৱতীগৰাকীক৷ তিনি ঘন্টা অস্ত্ৰপচাৰ কৰা হয় মহিলাৰ৷
যৌনাংগৰে ৰক্তক্ষৰণ হোৱাৰ ফলত বৰ্তমানেও সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজ দি আছে মহিলাই৷ দক্ষিণ দিনাজপুৰৰ কুশমন্দি আৰক্ষী থানাৰ অন্তৰ্গত দেহাবন্দত ঘৰ মহিলাগৰাকীৰ৷ ৮গৰাকী লোক ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত বুলি সন্দেহ কৰা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে ৰাম প্ৰসাদ শৰ্মা নামৰ এগৰাকী লোকক আটক কৰিছে৷ দেহাবন্দৰত অনুষ্ঠিত এখন মেলাৰ পৰা উভতি অহাৰ সময়তে এই কাণ্ড সংঘটিত হয়৷ এখন দলঙৰ পৰা যুৱতীগৰাকীক উঠাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷