লংকাঃ বিগত দুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা কেবাটাও ধৰ্ষণ কাণ্ডই সকলোকে উদ্বিগ্ন কৰি তোলাৰ সময়তে এইবাৰ লংকাৰ নখুঁটিত পোহৰলৈ আহিছে আন এক ঘটনা। প্ৰাপ্ত বাতৰি মতে, এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক একে গাঁওৰে এজন লম্পট যুৱকে অপহৰণ কৰি ধৰ্ষণ কৰে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি নখুঁটি ৩নং খাগৰিজান আহমদ নগৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক যোৱা শুকুৰবাৰে দিনৰ ২ মান বজাত টিউচনলৈ আহি থকা অৱস্থাত একে গাঁৱৰে টাটা চুমু চালক ৰমিজ উদ্দিনে বাইকত উঠাই লংকালৈ লৈ আহে। আন্ধাৰ হোৱাৰ সময়লৈকে ছাত্ৰীগৰাকীক বাইকৰ পিছ ফালে উঠাই লৈ লংকা চহৰত ঘূৰি ফুৰে চালক ৰমিজে।