
ডিজিটেল ডেস্কঃ দেশৰ কোনো ঠাইত সুৰক্ষিত নহয় মহিলা৷ প্ৰতিদিনে দেশৰ ভিন্ন ঠাইত যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ সময়তে এইবাৰ ৰাজস্থানত সংঘটিত হৈছে গণ ধৰ্ষণৰ ঘটনা৷ দিল্লীৰ এগৰাকী মহিলাক ৰাজস্থানৰ বিকানেৰত অপহৰণ কৰি ধৰ্ষণ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহিলাগৰাকীৰ অভিযোগ কৰা মতে ২৩ গৰাকী পাষণ্ডই ধৰ্ষণ কৰিছিল মহিলাগৰাকীক৷
মহিলাগৰাকীয়ে থানাত দিয়া এজাহাৰ মতে যোৱা ২৫ চেপ্তেম্বৰত মহিলাগৰাকীয়ে এটুকুৰা মাটি চাবলৈ ৰাজস্থানৰ বিকানেৰলৈ গৈছিল৷ ইতিমধ্যে মহিলাগৰাকীয়ে উক্ত মাটি ক্ৰয় কৰিছে৷ জয়পুৰৰ পথৰ দাতিত গাড়ীৰ বাবে ৰৈ থকা অৱস্থাত দুগৰাকী লোকে এখন এছইউভি গাড়ীত তুলি অপহৰণ কৰে৷ কিছুদুৰ গৈ এটুকুৰা ঠাইত মহিলাগৰাকীক গাড়ীৰ ভিতৰতে ধৰ্ষণ কৰে অপহৰণকাৰীয়ে৷
তাৰ পাছত মহিলাগৰাকীক বিদ্যুৎ বিভাগৰ চৰকাৰী কাৰ্যালয়ত নি বন্দী কৰে অপহৰণকাৰীয়ে৷ অপহৰণকাৰীয়ে মোবাইল যোগে আন কেবাগৰাকী লোকক মাতি আনে৷ ২৩ গৰাকী লোকে ধৰ্ষণ কৰি মহিলাগৰাকী উক্ত ঠাইত পেলাই থৈ যায়৷ তদন্তকাৰী আৰক্ষী বিষয়া ৰাজেন্দ্ৰ সিঙে জনোৱা মতে, চিআৰপিচিৰ ১৬৪ ধাৰাত ন্যায়ধিশৰ উপস্থতিত মহিলাৰ অভিযোগ ৰেকৰ্ড কৰা হৈছে৷ মহিলাগৰাকী উদ্ধাৰ কৰা ঠাইৰ পৰা বহু কণ্ডম উদ্ধাৰ কৰা হৈছে বুলি কোৱাৰ লগতে মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি জনাই ৰাজস্থান আৰক্ষীয়ে৷ বিজেপি শাসিত ৰাজ্য খনত এই ঘটনা সংঘটিত হোৱাৰ পিছতে হৈ -চৈৰ সৃষ্টি হয়।