newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰে লগতে আমাৰ ৰাজ্যখনতো নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনা৷ ঘৰৰ পৰা ওলালেই এতিয়া নাৰীয়ে সুৰক্ষাক লৈ চিন্তিত হ’ব লগা হয়৷ মহিলা-যুৱতী কন্যা শিশু প্ৰতিদিনে ধৰ্ষণ, যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ 

নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক নাৰী পদে পদে ধৰ্ষণ, যৌন নিৰ্যাতন হ’ব লগা হৈছে৷

যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে অসমত৷ অসমত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ উজনি-নামনি-বৰাক উপত্যকাত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ আন এক ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে নগাঁও জিলাৰ লাওখোৱাত৷

জানিব পৰা মতে, নগাঁও জিলাৰ লাওখোৱাৰ ৬ নং ভগামুখত এগৰাকী ১০ বছৰীয়া কিশোৰীক ভাবুকি প্ৰদান কৰি ধৰ্ষণ কৰে এজন লম্পট যুৱকে৷ দিনৰ ভাগৰ পৰা কিশোৰী গৰাকী সন্ধানহীন হৈ থকাৰ পিছত সন্ধিয়া বিচাৰ খোচাৰ কৰি স্থানীয় ৰাইজে হাবিৰ মাজৰ পৰা অচেতন অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷

কিশোৰী গৰাকীৰ মত অনুসৰি একে অঞ্চলৰ বিপ্লৱ দাস নামৰ যুৱকজনে তাইক ভাবুকি প্ৰদান কৰি হাবিৰ মাজলৈ লৈ যায় ধৰ্ষণ কৰে৷ ইফালে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত বিপ্লৱ দাসৰ বিৰুদ্ধে কিশোৰীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰে৷ দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে৷