ডিজিটেল ডেস্কঃ আকৌ এবাৰ যেন পুনৰাবৃত্তি ঘটিল নিৰ্ভয়া কাণ্ডৰ৷ নিৰ্ভয়াৰ দৰেই নৃশংসতাৰ বলি হ’ল আন এক যুৱতী৷ সাত ঘন্টা ধৰি এগৰাকী অসহায় যুৱতীৰ ওপৰত চলিল নিৰ্মম অত্যাচাৰ৷ যুৱতীৰ গোপনাঙ্গ ক্ষত-বিক্ষত কৰা হ’ল৷ অসহ্য যন্ত্ৰণাত চিঞৰি থকাৰ পিছতো যুৱতীগৰাকীক কৰা হ’ল ধৰ্ষণ৷
প্ৰতিদিনে সংবাদ মাধ্যমত নাৰীৰ ওপৰত চলা নৃশংসতাৰ ঘটনা প্ৰকাশ পাই আহিছে৷ বিশেষকৈ শিশু নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাই দেশ তোলপাৰ লগাই থকাৰ সময়তে সংঘটিত হ’ল ধৰ্ষণৰ আন এক কাণ্ড৷ কিন্তু এইবাৰ ধৰ্ষণকাৰীৰ বয়স মাত্ৰ ১৬ বছৰ৷
দেওবাৰে পশ্চিমবংগৰ গুন্টৰত এগৰাকী ২৬ বছৰীয়া বিবাহিত মহিলাক ৭ ঘন্টা ধৰি নৃশংসভাৱে ধৰ্ষণ কৰে ১৬ বছৰীয়া নাবালক এজনে৷ ধৰ্ষিত মহিলাগৰাকী বিবাহিত হোৱাৰ লগতে এটি সন্তানৰ মাতৃও৷ স্বামীৰ সতে ডিভোৰ্চ হোৱাত মহিলাগৰাকীয়ে সন্তানটোৰ সতে পৃথকে থাকিছিল৷ দেওবাৰে নিশা মহিলাগৰাকীৰ ঘৰৰ দুৱাৰ ভাঙি এজন নাবালকে প্ৰৱেশ কৰে আৰু ৭ ঘন্টা ধৰি মহিলাগৰাকীৰ ওপৰত আমানুষিক অত্যাচাৰ চলায়৷ মহিলাগৰাকীৰ যৌনাংগত লাঠি ভৰাই ক্ষত-বিক্ষত কৰি ধৰ্ষণকাৰী নাবালকে তিনিবাৰকৈ মহিলাগৰাকীক ধৰ্ষণ কৰে৷ পিছত সোমবাৰে পুৱা ধৰ্ষণকাৰী পলায় যায়৷
ইফালে অত্যাধিক ৰক্তক্ষৰণৰ ফলত মহিলাগৰাকী অচেতন হৈ পৰে৷ পিছত প্ৰতিৱেশীয়ে মহিলাগৰাকীক দেখা পাই গুৰাজালা চৰকাৰী হস্পিতালত ভৰ্তি কৰে৷ কিন্তু মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱা হেতুকে পিছত গুন্টুৰ জেনেৰেল হস্পিতাললৈ প্ৰেৰণ কৰা হয়৷
অইনফালে মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত কালামপুড়ি আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে অভিযুক্তক বিচাৰি তালাচী আৰম্ভ কৰিছে৷