খেৰণিঃ ৰাজ্যত যে মহিলা সুৰক্ষিত নহয় এই কখা আকৌ এবাৰ প্ৰমাণ হ’ল ৷ এগকাৰী ৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাৰ্বত্য জিলা ডিমা হাছাওৰ উমৰাংছ’ত৷ উমৰাংছ’ আৰক্ষী থানাৰ অন্তৰ্গত গ’ল্ফ ফিল্ডৰ সমীপত নৈত এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা চাঞ্চল্য অব্যাহত আছে৷ ধৰ্ষণ, যৌতুকজনিত হিংসা, হত্যা, অপহৰণ-সৰবৰাহ আদি চাঞ্চল্যকৰ ঘটনাৰ খবৰে এতিয়া অসমৰ সংবাদজগতে প্ৰকাশ কৰিব লগা হৈছে।
অসমত নাৰী যে সুৰক্ষিত নহয় তাকেই প্ৰমাণ কৰি আহিছে এনেবোৰ ঘটনাই। একাংশ পুৰুষৰ কামনাৰ বলি হবলৈ ধৰিছে নিৰ্দোষী কিশোৰী, যুৱতী অথবা মহিলাই। অপৰাধজনীত কাণ্ডত লিপ্ত হবলৈ যেন অকনো ভয় নকৰা হৈছে একাংশ পুৰুষে। তেনেই এক শিহৰণকাৰী পাশৱিক ঘটনা সংঘটিত হ’ল ডিমা হাছাওৰ উমৰাংছ’ত। উমৰাংছ’ৰ গ’ল্ফ ফিল্ডৰ সমীপত উদ্ধাৰ হল এগৰাকী ৬ বছৰীয়া নাবালিকাৰ মৃতদেহ। অঞ্জনা বেগম নামৰ নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে।