কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত পাটগাঁওৰ বাংলাঝোৰা গাঁৱত কালি নিশা এগৰাকী নাৱালিকাক বলাৎকাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । শ্ৰমিক পৰিয়ালৰ কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে কালি সন্ধিয়া ৭ মান বজাত গাঁওতে থকা আইতাকৰ ঘৰলৈ যাওঁতেই মিস্ত্ৰী ছহিদুল আলিয়ে অসহায় নাৱালিকা গৰাকীক মুখত সোপা দি কাষৰ সমবায় সমিতিৰ লগতে থকা মিস্ত্ৰীৰ কেম্পলৈ লৈ যায় আৰু আন দুই সতীৰ্থৰ সহযোগত উপৰ্যুপৰি ধৰ্ষণ কৰে।
নাৱালিকাগৰাকীক মুখত সোপা দি, হাতে ভৰিয়ে বান্ধি লৈ নৰপিশাচকেইটাই ধৰ্ষণ কৰে। ঘটনাৰ মূল অভিযুক্ত ছহিদুল হকে নাৱালিকাগৰাকীক হাতে-ভৰিয়ে বান্ধি লৈ মোবাইল ফোনযোগে আন দুজন সতীৰ্থ ক্ৰমে শুকুৰ আলী আৰু আতোৱাৰ আলীক ঘটনাস্থলীলৈ মাতি আনে আৰু তিনিওজনে নাবালিকাগৰাকীক ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যায়।