64
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বনগাওঁ ৰূপাঞ্জলিৰ পৰা আজি আবেলি আৰক্ষীয়ে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত লম্পট দুই ভাতৃক গ্ৰেপ্তাৰ কৰে। আটকাধীন লম্পট ভাতৃদ্বয় হৈছে ঠাকুৰ প্ৰসাদ বিশ্বকৰ্মা আৰু জামুন বিশ্বকৰ্মা।
দুয়োজনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি বিগত প্ৰায় ২০ দিন পূৰ্বে একে গাঁৱৰে বিশ্বকৰ্মা উপাধিৰ এগৰাকী ছাত্ৰীক গণেশ ৰাই নামৰ আন এজন লোকৰ সৈতে মিলি ধৰ্ষণ কৰিছিল।